বন্ধু এজনে বিয়া খাবলৈ লগ ধৰি লৈ গৈছিল।সাধাৰণতে যিটো হয় সেইটোৱেই হ’ল,বৰ বেয়া সময়ত পালোঁগৈ। ৰিচেপচনত মস্ত ভীৰ। খাবলৈ নামাতেহে নামাতে। এটাৰ পাছত এটা বেটচক খাবলৈ লৈ গৈছে আমাৰ পাল নপৰেই। মই অতীষ্ঠ হলোঁ। বন্ধুৱে মোৰ মনৰ কথা বুজি পালে। সি ক’লে তই দুই মিনিট ৰ। মই ভিতৰত খবৰ এটা কৰি আহোঁগৈ। অলপ পিছতে বন্ধুজন ঘূৰি আহি মোক পিছে পিছে আহি থাকিবলৈ ক’লে। বন্ধুজনৰ পিছে পিছে গৈ বেলেগ এখন চোতাল পালোগৈ।তাতো ৰিচিপচন চলি আছে। গৈ পোৱাৰ লগে লগে বহিবলৈ দিলে। লগালগ কোমল চাউল দৈ ক্ৰীম আহিল। ভোকত ৰব নোৱাৰি গো- গ্ৰাসে খালোঁ। মাজতে ধুতি পাঞ্জাবী পিন্ধা দুজনমানে মাত লগাই গ’লহি।খাই বৈ ঘূৰি আহিলোঁ। বাটত বন্ধুজনক কলোঁ বহুদিনৰ মূৰত কোমল চাউলৰ জলপান খাই ভাল লাগিল। লাহে লাহে এইবোৰ হেৰাই গৈছে।
বন্ধুজনে ক’লে, ” ভাগ্যে কাষতে মৰা সকামটো আছিল, নহলে লঘোনে ঘূৰি আহিব লাগিলহেঁতেন!”
Satyajit Borgohain, Golaghat, Assam